6. Jesus, Our Complete Restorer
6. Jesus, Our Complete Restorer
Will He heal me? A woman displays courage by approaching Jesus and finds complete healing after 12 years. Did you know restoration can be a process? After waiting 12 long years and spending all her money, the day came when this woman met Jesus and glorified God through being healed by Him in response to her faith. God is in control of all things and He has His own timetable for us. Even when we have faith like this woman did, He sometimes answers us in a different way, or at a different time than we might expect. It is important for us to be willing to accept His will for us no matter what the answer.
প্ৰশ্নসমূহসম্পৰ্কিত প্ৰশ্নসমূহ
আপোনাৰটো সুধকবাইবেলৰ উদ্ধৃতি
শ্বেয়াৰ কৰকযীচুৱে লোক সকলক যেতিয়া এইবোৰ কথা কৈ আছিল, তেতিয়া এজন শাসনকর্তাই আহি তেওঁক প্ৰণিপাত কৰি ক’লে, “মোৰ ছোৱালী জনীৰ এইমাত্র মৃত্যু হ’ল; আপুনি আহি তাইৰ ওপৰত হাত ৰাখক, তাতে তাই জীয়াই উঠিব।” তেতিয়া যীচু আৰু তেওঁৰ শিষ্য সকলে উঠি তেওঁৰ পাছে পাছে গ’ল। সেই সময়তে এগৰাকী মহিলাই পাছফালৰ পৰা যীচুৰ ওচৰলৈ আহি তেওঁৰ কাপোৰৰ দহি চুলে; সেই মহিলা গৰাকী বাৰ বছৰ ধৰি ৰক্তস্রাৱ ৰোগত ভুগি আছিল। তেওঁ মনে মনে ভাৱিছিল, “যদি মই যীচুৰ কাপোৰ খনকে অকল চুব পাৰোঁ, তেনেহলেও মই ভাল হৈ যাম।” যীচুৱে মুখ ঘূৰাই তেওঁক দেখি ক’লে, “ভনী, নিৰ্ভয় হোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে।” সেই সময়ৰে পৰা সেই মহিলা গৰাকী সুস্থ হ’ল।
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
অধিক পঢ়ক...পাছত যীচুৱে যেতিয়া নাৱেৰে আকৌ সিপাৰলৈ গ’ল, তেতিয়া মানুহৰ বৃহৎ দল এটা তেওঁৰ ওচৰত গোট খালে; সেই সময়ত তেওঁ সাগৰৰ তীৰত আছিল। এনেতে যায়ীৰ নামেৰে নাম-ঘৰৰ অধিকাৰী এজনে আহি তেওঁক দেখি তেওঁৰ চৰণত পৰিল৷ তেওঁ বাৰে বাৰে বিনয় কৰি যীচুক কলে, “মোৰ ছোৱালী জনীৰ মৃত্যু ওচৰ চাপিছে; তাই যেন সুস্থ হৈ জীয়াই থাকে, এই কাৰণে আপুনি আহি, তাইৰ গাত হাত দিয়কহি।” তেতিয়া যীচু তেওঁৰ লগত গ’ল আৰু বহু লোক তেওঁৰ পাছে পাছে গৈ তেওঁক হেঁচি-মেলি ধৰিলে। আৰু সেই সময়ত তাতে বাৰ বছৰ ধৰি তেজ যোৱা ৰোগ ভোগ কৰি থকা তিৰোতা এজনী আছিল৷ অনেক বেজৰ ওচৰত চিকিৎসা কৰি আৰু সৰ্ব্বস্ব খৰচ কৰিও তেওঁ সুস্থ হোৱা নাছিল, কিন্তু বেচি কষ্টহে পাই আছিল৷ তেওঁ যীচুৰ বিষয়ে শুনি, লোক সকলৰ মাজত সোমাল আৰু তেওঁৰ পাছফালেদি আহি, তেওঁৰ কাপোৰ চুলে৷ কিয়নো তেওঁ কৈছিল, ‘মই যদি তেওঁৰ কাপোৰ মাথোন চুবলৈ পাওঁ, তেতিয়াও মই ৰক্ষা পাম’। তেতিয়া তেওঁ যীচুক চুবলৈ পাই, তেওঁৰ তেজ বৈ থকা শুকাই গ’ল আৰু তেওঁ শৰীৰত সেই ব্যাধিৰ পৰা মুক্ত হোৱা গম পালে। সেই সময়ত যীচুৱে নিজৰ পৰা শক্তি ওলাই যোৱা গম পাই, লোক সকলৰ মাজত মুখ ঘূৰাই সুধিলে, “মোৰ কাপোৰ কোনে চুলে?” তাতে তেওঁৰ শিষ্য সকলে তেওঁক কলে, “লোক সকলে আপোনাক হেঁচি-মেলি ধৰা দেখিও, কোনে মোক চুলে বুলি কয় নে?” কিন্তু সেই কৰ্ম কৰা জনীক দেখিবলৈ তেওঁ চাৰিওফালে চালে। তেতিয়া সেই তিৰোতাই নিজলৈ যি ঘটিল, সেই বিষয়ে জানিব পোৱাত, ভয়েৰে কঁপি কঁপি আহি তেওঁৰ আগত পৰিল আৰু সকলো সত্য কথা ক’লে৷ তাতে যীচুৱে তেওঁক ক’লে, “আইটি, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে; শান্তিৰে যোৱা আৰু সুস্থ থাকি তোমাৰ সেই ব্যাধিৰ পৰা মুক্ত হোৱা।”
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
অধিক পঢ়ক...পাছত যীচু ঘূৰি আহোতে, লোক সকলে তেওঁক আদৰেৰে গ্ৰহণ কৰিলে; কিয়নো তেওঁলৈ সকলোৱে অপেক্ষা কৰি আছিল। আৰু সেই ঠাইৰ নাম-ঘৰৰ যায়ীৰ নামেৰে এজন অধিকাৰীয়ে আহি যীচুৰ চৰণত পৰিল আৰু তেওঁৰ ঘৰলৈ যাবৰ বাবে তেওঁক বিনয় কৰিলে; কিয়নো তেওঁৰ মাথোন এজনী বাৰ বছৰীয়া জীয়েক আছিল আৰু তায়ো মৰোঁ মৰোঁ হৈ আছিল। তাতে তেওঁ আহোতে, লোক সকল তেওঁৰ ওচৰত ভিৰ লাগি আছিল৷ সেই ভিৰৰ মাজত বাৰ বছৰ ধৰি তেজ যোৱা ৰোগ ভোগ কৰি থকা এজনী তিৰোতা আছিল৷ তেওঁ চিকিৎসকৰ ওচৰত গৈ, সর্ব্বস্ৱ ধন, সম্পত্তি ব্যয় কৰিও সুস্থ হোৱা নাছিল৷ সেই জনী তিৰোতাই যীচুৰ পাছফালেদি আহি, তেওঁৰ কাপোৰৰ দহি চুই দিলে আৰু তেওঁৰ তেজ যোৱা তেতিয়াই বন্ধ হৈ গ’ল। তাতে যীচুৱে ক’লে, “মোক কোনে চুলে?” তেতিয়া সকলোৱে স্পৰ্শ নকৰা বুলি কোৱাত পিতৰ আৰু তেওঁৰ লগত যোৱা সকলে ক’লে, “হে নাথ, লোক সকলে আপোনাক বেৰি ধৰি, হেচি-মেলি ভিৰ কৰি ৰাখিছে।” কিন্তু যীচুৱে ক’লে, “কোনোবাই মোক চুলে; কিয়নো মোৰ পৰা শক্তি ওলাই যোৱা মই গম পালোঁ।” তাতে সেই তিৰোতা জনীয়ে দেখিলে যে, তেওঁলৈ ঘটি যোৱা ঘটনাটো কোনো কাৰণত গুপুত কৰি ৰাখিব নোৱাৰিব৷ তেতিয়া তেওঁ কঁপি কঁপি আহি যীচুৰ সন্মুখত উবুৰি হৈ পৰিল আৰু কিয় তেওঁক চুইছিল আৰু কেনেকৈ মুহুর্ওতে সুস্থ হ’ল; সেই বিষয়ে সকলোৰ আগত ক’লে। তেতিয়া যীচুৱে তেওঁক ক’লে, “আইটি, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে; শান্তিৰে যোৱা।”

অধিক পঢ়ক...