4 / 5Following Jesus (India) · ৫ অধ্যায়

Living as a Disciple of Jesus

The local men talk about a canal project that's been approved but hasn't been built. The government refuses to get started and the farm owners are suffering. They are reminded to defend their cause like a rock. But they don't understand. He tells them they're all different now because of Jesus. They need to be strong and keep peace in the village, even as they defend their cause. The women say that building your house on Jesus as a foundation is like building on rock. They are reminded to practice the things they've learned and believe. It'll make a difference to those in the village. Jesus taught that spreading the gospel is like sowing seeds. Not everyone will grow. But some might take root and bear fruit. The men talking about the canal decide to approach the village like Jesus approached people: in peace and unity. They decide to practice what Jesus teaches them and do their best to take care of the needs of their neighbors.

আপোনাৰটো সুধক

বাইবেলৰ উদ্ধৃতি

শ্বেয়াৰ কৰক
লূক 6:46-49

তোমালোকে কিয় মোক ‘প্ৰভু, প্ৰভু’ বুলি মাতা, অথচ মই যি কওঁ তাক পালন নকৰা? যি কোনোৱে মোৰ ওচৰলৈ আহি মোৰ বাক্য শুনি পালন কৰে, তেওঁ কাৰ নিচিনা হয়, সেই বিষয়ে মই তোমালোকক জনাওঁ- তেওঁ এনে এজন মানুহৰ নিচিনা, যি মানুহে ঘৰ সাজোঁতে দকৈ খান্দি শিলৰ ওপৰত ভেঁটি স্থাপন কৰিলে। পাছত যেতিয়া বান আহিল, তেতিয়া পানীৰ সোঁত আহি সেই ঘৰত জোৰেৰে আঘাত কৰিলে, কিন্তু তাক লৰাব নোৱাৰিলে। কিয়নো তাক ভালকৈ সজা হৈছিল। কিন্তু যি কোনোৱে মোৰ বাক্য শুনি পালন নকৰে, তেওঁ এনে এজন মানুহৰ নিচিনা যি মানুহে ভেঁটি স্থাপন নকৰাকৈ মাটিৰ ওপৰত ঘৰ সাজে। পাছত যেতিয়া বান আহিল, তেতিয়া পানীৰ সোঁত আহি সেই ঘৰত জোৰেৰে আঘাত কৰিলে আৰু তেতিয়াই ঘৰটো ভাঙি গ’ল; তাতে ঘৰটো সম্পূর্ণকৈ ধ্বংস হ’ল।”

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.

অধিক পঢ়ক...
লূক 8:1-15

তাৰ অলপ সময়ৰ পাছত, তেওঁ নগৰে নগৰে আৰু গাৱেঁ গাৱেঁ যাত্ৰা কৰি ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা আৰু প্ৰচাৰ কৰিব ধৰিলে; তেওঁৰ সৈতে সেই বাৰ জন পাঁচনিও আছিল৷ ইয়াৰ উপৰি ভূতৰ আত্মা আৰু নৰিয়াৰ পৰা মুক্ত হোৱা কেইজনীমান তিৰোতা, লগতে সাতটা ভূতৰ কবলৰ পৰা উদ্ধাৰ হোৱা মগ্দলীনী বুলি মতা সেই মৰিয়ম; আৰু হেৰোদ ৰজাৰ ঘৰগিৰী কূচৰ ভার্যা, যোহানা, আৰু চোচন্না, আৰু আন আন অনেক মহিলা তেওঁৰ লগত আছিল৷ এই তিৰোতা সকলে নিজ নিজ সম্পত্তিৰ পৰা তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিছিল। সেই সময়ত বিভিন্ন চহৰৰ পৰা দলে দলে মানুহবোৰ আহি যীচুৰ ওচৰত একগোট হৈছিল৷ তেতিয়া তেওঁ উপদেশ দিব ধৰোতে, এই দৃষ্টান্ত দি ক’লে, “এজন খেতিয়কে বীজ সিচিঁবলৈ গ’ল; তাতে বীজ সিচাঁৰ সময়ত, কিছুমান বীজ বাটৰ কাষত পৰিল; তেতিয়া ভৰিৰে গচকা হ’ল আৰু আকাশৰ চৰাইবোৰে সেইবোৰ খুঁটি খালে। কিছুমান শিলনিত পৰিল; তাতে গজালি মেলি গছৰ পুলি হৈ বাঢ়িল, কিন্তু সেই ঠাই জীপাল নোহোৱা বাবে পুলিবোৰ শুকাই গ’ল। কিছুমান বীজ কাঁইটৰ মাজত পৰিল; তাতে কাঁইটীয়া বন তাৰ লগত বাঢ়ি, হেচি ধৰি মাৰিলে। কিন্তু কিছুমান বীজ ভাল মাটিত পৰিল, তাতে সেইবোৰ গজালি মেলি গছ হৈ বাঢ়ি এশ গুণ গুটি ধৰিলে৷” এইবোৰ কথা কোৱাৰ পাছত, তেওঁ বৰ মাতেৰে ক’লে, “যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক৷” পাছত তেওঁৰ শিষ্যবোৰে আহি সুধিলে, “এই দৃষ্টান্তৰ অৰ্থ কি হব পাৰে?” তাতে তেওঁ ক’লে, “ঈশ্বৰৰ ৰাজ্যৰ গোপন ৰহস্যবোৰ জানিবলৈ তোমালোকক অগ্ৰাধিকাৰ দিয়া হৈছে, কিন্তু আন লোক সকলক দৃষ্টান্তৰেহে কেৱল শিক্ষা দিয়া হব, কাৰণ তেওঁলোকে দেখিও নেদেখে আৰু শুনিও তেওঁলোকে নুবুজে৷ দৃষ্টান্তটোৰ অৰ্থ এই; বীজেই ঈশ্বৰৰ বাক্য। বাটৰ কাষত যি বীজবোৰ পৰিছিল, সেইবোৰ শুনা লোক সকল; তাতে চয়তানে আহি তেওঁলোকৰ মনৰ পৰা বাক্যবোৰ কাঢ়ি লৈ যায়, যাতে তেওঁলোকে বিশ্বাস নকৰে আৰু পৰিত্ৰাণো নাপায়৷। আৰু শিলনিত যি পৰিল, সেইবোৰ বাক্য শুনি আনন্দেৰে গ্ৰহণ কৰা মানুহ; এওঁলোকৰ শিপা নথকাত, এওঁলোকে অলপ সময় বিশ্বাসত থাকে, পাছত পৰীক্ষাৰ সময় আহিলে খহি পৰে। আৰু যিবোৰ বীজ কাঁইটনিত পৰিল, সেয়ে হৈছে, যি সকলৰ শুনাৰ পাছত আয়ুসৰ কাল নিয়াঁওতে, জীৱনৰ চিন্তা, ধন, সম্পত্তি আৰু সুখত মগ্ন হোৱাত, এওঁলোকৰ একো ফল সিদ্ধ নহয়। কিন্তু ভাল মাটিত পৰা বীজবোৰ হ’ল এনেকুৱা মানুহ, তেওঁলোকে বাক্য শুনি সৰল আৰু শুদ্ধৰূপে মনত ৰাখে আৰু সেই বাক্যত স্থিৰ হৈ ধৈৰ্যৰে ফল উৎপন্ন কৰে।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.

অধিক পঢ়ক...
লূক 10:25-37

ইয়াৰ পাছত এজন বিধান পণ্ডিতে উঠি যীচুক পৰীক্ষা কৰি চোৱাৰ ছলেৰে সুধিলে, “হে গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হম?” তেতিয়া যীচুৱে ক’লে, “বিধানত কি লিখা আছে? তুমি কেনেকৈ বিধান-শাস্ত্ৰ পঢ়িছা?” তেওঁ উত্তৰ দি ক’লে, “তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।” তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি সঠিক উত্তৰ দিলা; ইয়াকে কৰা তেতিয়া তুমি অনন্ত জীৱন পাবা৷” কিন্তু তেওঁ নিজকে নিৰ্দ্দোষী বুলি প্ৰমাণিত কৰিবলৈ ইচ্ছা কৰি যীচুক ক’লে, “মোৰ চুবুৰীয়া নো কোন?” তেতিয়া যীচুৱে সমিধান দি ক’লে, “এজন মানুহ যিৰূচালেমৰ পৰা যিৰীহো নগৰলৈ গৈ আছিল; যাওঁতে বাটতে তেওঁ ডকাইতৰ হাতত পৰিল; তেতিয়া সিহঁতে তেওঁক বিবস্ত্ৰ কৰি মৰিয়াই, বস্তু-বাহানি লৈ আধামৰাকৈ মাৰি এৰি থৈ গুচি গ’ল। এনেতে কোনো এজন পুৰোহিত সেই বাটেদি গৈছিল; পাছত তেওঁ সেই মানুহ জনক দেখি, এফলীয়া হৈ গ’ল। সেইদৰে এজন লেবীয়েও সেই ঠাই পোৱাত মানুহ জনক দেখি এফলীয়া হৈ গ’ল। কিন্তু এজন চমৰীয়াই যাত্ৰা কৰি গৈ থাকোতে, সেই মানুহ জন পৰি থকা ঠাই পালে; তাতে মানুহ জনক দেখি তেওঁৰ মৰম উপজিল আৰু তেওঁ মানুহ জনৰ ওচৰলৈ আহিল৷ তেওঁ মানুহ জনৰ গাত তেল আৰু দ্ৰাক্ষাৰস বাকি দি ঘাঁবোৰ বান্ধিলে; পাছত নিজৰ বাহনৰ ওপৰত বহুৱাই আলহী-ঘৰলৈ লৈ গ’ল আৰু তেওঁক শুশ্ৰূষা কৰিলে। পাছদিনা তেওঁ দুটা দীনাৰী উলিয়াই আলহী-ঘৰৰ গৰাকীক দি ক’লে, ‘এওঁক শুশ্ৰূষা কৰিবা আৰু যি অধিক খৰচ হয়, সেয়া মই উভতি আহিলে পৰিশোধ কৰিম’। এই তিনি জনৰ মাজত, ডকাইতৰ হাতত পৰা সেই মানুহ জনৰ কোন জনক চুবুৰীয়া বুলি ভাবিছা?” তেতিয়া বিধান পণ্ডিত জনে ক’লে, “যি জনে তেওঁক দয়া কৰিলে, তেৱেঁই।” তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমিও সেইদৰে কৰা।”

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.

অধিক পঢ়ক...
লূক 19:1-10

পাছত যীচু যিৰীহো নগৰত সোমাই সেই নগৰৰ মাজেদি যাবলৈ ধৰিলে। সেই নগৰত চক্কেয় নামৰ এজন মানুহ আছিল৷ তেওঁ কৰ সংগ্ৰহক সকলৰ প্ৰধান আৰু ধনী আছিল। তেওঁ যীচুক চাবলৈ অৰ্থাৎ যীচু নো কোন হয় জানিবৰ বাবে, তেওঁক চাবলৈ বহুত চেষ্টা কৰিলে, কিন্তু মানুহৰ ভিৰ বেছি হোৱা বাবে যীচুক দেখা নাপালে, কাৰণ তেওঁ চুটি-চাপৰ লোক আছিল। সেয়েহে তেওঁ সকলোৰে আগত বেগাই গ’ল আৰু যি পথেৰে যীচু আহি আছিল, সেই পথৰ কাষত থকা ডিমৰু গছ এজোপাত উঠি যীচুক চাবলৈ ধৰিলে। পাছত যীচুৱে সেই ঠাই পাওঁতে, ওপৰলৈ চাই তেওঁক দেখি ক’লে, “হে চক্কেয়, বেগাই নামি আহা, কিয়নো মই আজি তোমাৰ ঘৰত থাকিব লাগে৷” তেতিয়া তেওঁ বেগাই নামি আহি, আনন্দেৰে তেওঁক আলহী কৰি ৰাখিবলৈ লৈ গ’ল। তাকে দেখি সকলোৱেই ভোৰভোৰাই কবলৈ ধৰিলে, “এওঁ এজন পাপী মানুহৰ ঘৰত আলহী হ’বলৈ গৈছে।” তেতিয়া চক্কেয়ই প্ৰভুৰ আগত থিয় হৈ ক’লে, “হে প্ৰভু, চাওক মোৰ যি সম্পত্তি আছে, তাৰ আধাখিনি দৰিদ্ৰ লোকক দান কৰোঁ আৰু মিছা অপবাদ দি, কোনো মানুহৰ পৰা যদি কিবা লৈছোঁ, তেনেহলে তাৰ চাৰি গুণ ওভোতাই দিওঁ।” তেতিয়া যীচুৱে তেওঁক ক’লে, “আজি এই ঘৰলৈ পৰিত্রাণ আহিল; কিয়নো এৱোঁ অব্ৰাহামৰেই সন্তান। কাৰণ, যি হেৰাল, তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল।”

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.

অধিক পঢ়ক...
মুক্ত সম্পদ

বাইবেলখন অধিক গভীৰভাৱে বুজিব বিচাৰেনে?

আমাৰ বাইবেল অধ্যয়নত যোগদান কৰক
JesusFilm