Easter·13 / 29

Peter Disowns Jesus

Jesus is taken to the house of the high priest and guarded by temple guards. They push Him and take His clothing in the courtyard. Peter watches from close by. Peter is recognized, but denies that He knows Jesus. As dawn approaches, a rooster crows. Jesus looks over to Peter. Peter walks away, undone by his denials.

আপোনাৰটো সুধক

বাইবেলৰ উদ্ধৃতি

শ্বেয়াৰ কৰক
লূক 22:54-62

পাছত তেওঁলোকে তেওঁক ধৰি নিলে, আৰু মহা-পুৰোহিতৰ ঘৰলৈ লৈ গ’ল; কিন্তু পিতৰে এক দূৰত্ব ৰাখি পাছে পাছে গ’ল। পাছত চোতালৰ মাজ মজিয়াত তেওঁলোকে জুই জ্বলাই একেলগে বহোতে, পিতৰেও তেওঁলোকৰ মাজত বহিল। তেওঁ বহি থাকোঁতে জুইৰ পোহৰত, কোনো এজনী চাকৰণীয়ে দেখা পাই, তেওঁলৈ একেথৰে চাই ক’লে, “এই মানুহ জনো তেওঁৰ লগত আছিল।” কিন্তু তেওঁ অস্বীকাৰ কৰি ক’লে, “হে নাৰী, মই তেওঁক চিনি নাপাও।” অলপ সময়ৰ পাছত, আন এজনে তেওঁক দেখা পাই ক’লে, “তুমিও তেওঁলোকৰ মাজৰ এজন।” কিন্তু পিতৰে ক’লে, “হে’ৰা, মই নহওঁ।” প্ৰায় এঘন্টা মানৰ পাছত, আন কোনো এজনে দৃঢ়কৈ ক’লে, “সঁচা, এই মানুহ জনেই তেওঁৰ লগত আছিল; কিয়নো তেওঁ এজন গালীলীয়া।” কিন্তু পিতৰে ক’লে, “হেৰা, তুমি কি কৈছা, মই তেওঁক নাজানোৱেই।” এই কথা কওঁতেই, কুকুৰাই ডাক দিলে। তাতে প্ৰভুৱে ঘূৰি পিতৰলৈ চাওতে, এই যি কথা প্ৰভুৱে তেওঁক কৈছিল, ‘কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি তিনি বাৰ মোক অস্বীকাৰ কৰিবা৷’ সেই কথা সুঁৱৰি তেওঁ বাহিৰলৈ গৈ, অতি শোকেৰে কান্দিবলৈ ধৰিলে।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.

অধিক পঢ়ক...
মুক্ত সম্পদ

বাইবেলখন অধিক গভীৰভাৱে বুজিব বিচাৰেনে?

আমাৰ বাইবেল অধ্যয়নত যোগদান কৰক
JesusFilm