9 / 44Magdalena · ৪৪ অধ্যায়

Joseph's Response

When Joseph saw that Mary was pregnant, he wanted to divorce her quietly. However, an angel appeared to him in a dream.

আপোনাৰটো সুধক

বাইবেলৰ উদ্ধৃতি

শ্বেয়াৰ কৰক
মথি 1:18-25

যীচু খ্ৰীষ্টৰ জন্ম এইদৰে হৈছিল৷ যীচুৰ মাক মৰিয়মক যোচেফলৈ বাগ্দান কৰা হৈছিল, কিন্তু তেওঁলোক একেলগ হোৱাৰ পূৰ্বেই মৰিয়মে পবিত্ৰ আত্মাৰ শক্তিত গৰ্ভৱতী হোৱা অনুভৱ কৰিলে। তেওঁৰ স্বামী যোচেফ এজন ধাৰ্মিক লোক হোৱাত মৰিয়মক মানুহৰ আগত নিন্দাৰ পাত্ৰ কৰিবলৈ ইচ্ছা নকৰি, গুপুতে ত্যাগ কৰিবলৈ মন কৰিলে। কিন্তু তেওঁ যেতিয়া এইবোৰ কথা চিন্তা কৰিলে, তেতিয়া প্ৰভুৰ এজন দূত আহি সপোনত তেওঁক দৰ্শন দি ক’লে, “হে দায়ুদৰ বংশৰ সন্তান যোচেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা; কিয়নো তেওঁৰ গৰ্ভৰ সন্তান পবিত্ৰ আত্মাৰ পৰা হৈছে। তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীচু থবা। কাৰণ তেৱেঁই নিজৰ লোকক তেওঁলোকৰ পাপ সমূহৰ পৰা মুক্ত কৰিব।” এই সকলো ঘটিছিল যাতে ভাৱবাদীৰ দ্বাৰাই প্ৰভুৱে এই যি বচন কোৱাইছিল সেয়া পূর্ণ হয়: “চোৱা, সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল থব;” এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ। পাছত যোচেফে টোপনিৰ পৰা সাৰ পাই উঠি, প্ৰভুৰ দূতে তেওঁক আজ্ঞা দিয়াৰ দৰে নিজৰ ভাৰ্য্যাৰূপে মৰিয়মক গ্ৰহণ কৰিলে। কিন্তু পুত্ৰ প্ৰসৱ নকৰা পর্যন্ত যোচেফে তেওঁৰ সৈতে সহবাস নকৰিলে। পাছত যোচেফে সেই সন্তানৰ নাম যীচুথলে।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.

অধিক পঢ়ক...
মুক্ত সম্পদ

বাইবেলখন অধিক গভীৰভাৱে বুজিব বিচাৰেনে?

আমাৰ বাইবেল অধ্যয়নত যোগদান কৰক
JesusFilm