Magdalena·40 / 46

Magdalena Sees the Resurrected Jesus

After viewing the empty tomb, angels ask Mary Magdalene why she is crying. Another also questions her and when He speaks her name she realizes that He is not the gardener, but is Jesus.

আপোনাৰটো সুধক

বাইবেলৰ উদ্ধৃতি

শ্বেয়াৰ কৰক
মথি 28:9-10

তাতে চোৱা যীচুৱে তেওঁলোক সাক্ষাৎ হৈ ক’লে, “তোমালোকৰ মঙ্গল হওক”। তাতে মহিলা সকল ওচৰলৈ আহি তেওঁৰ চৰণত ধৰি প্ৰণিপাত কৰিলে। তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “ভয় নকৰিবা; তোমালোক যোৱা, মোৰ ভাই সকলক গালীল প্ৰদেশলৈ যাবৰ বাবে সম্বাদ দিয়াগৈ; তেওঁলোকে তাতে মোক দেখা পাব”।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.

অধিক পঢ়ক...
মাৰ্ক 16:9-11

সপ্তাহৰ প্ৰথম দিনৰ ৰাতিপুৱা, যীচু পুনৰুত্থিত হোৱাৰ পাছত; যি গৰাকীৰ পৰা তেওঁ সাতোটা ভূত খেদাইছিল, সেই মগ্দলীনী মৰিয়মক তেওঁ প্ৰথমতে দেখা দিলে। তেতিয়া তেওঁ গৈ শোক আৰু ক্ৰন্দন কৰি থকা যীচুৰ পূৰ্বৰ সঙ্গী সকলক বাৰ্তা দিলে; তেতিয়া তেওঁলোকে যীচু যে জীয়াই উঠিল আৰু মগ্দলীনী মৰিয়মক যে দৰ্শন দিলে, সেই কথা তেওঁলোকে শুনিলে কিন্তু বিশ্বাস নকৰিলে।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.

অধিক পঢ়ক...
যোহন 20:10-18

তাতে সেই দুজন শিষ্য পুনৰ নিজৰ ঘৰলৈ গুচি গ’ল। কিন্তু মৰিয়মে মৈদামৰ বাহিৰত থিয় হৈ কান্দি আছিল; আৰু কান্দি কান্দি মৈদামৰ ভিতৰলৈ মূৰ দোৱাই চকু ফুৰালে, যীচুৰ দেহ শুৱাই থোৱা ঠাইৰ মূৰ-শিতানত এজন আৰু ভৰি-পথানত এজন, এনেদৰে দুজন শুক্ল বস্ত্ৰ পৰিধান কৰা স্বৰ্গৰ দূতক বহি থকা দেখিলে। তেতিয়া তেওঁলোকে মৰিয়মক সুধিলে, “হে নাৰী, কিয় কান্দিছা?” তেওঁ ক’লে, “কোনোবাই মোৰ প্ৰভুক নিলে; কিন্তু তেওঁক ক’ত থলে নাজানো।” এই কথা কৈ, তেওঁ পাছফাললৈ মূখ ঘূৰাই, যীচুক থিয় হৈ থকা দেখিলে; কিন্তু তেৱেঁই যে যীচু, তেওঁ চিনি নাপালে। তেতিয়া যীচুৱে তেওঁক সুধিলে, “হে নাৰী, তুমি কিয় কান্দিছা? কোন জনক নো বিচাৰিছা?” তেতিয়া তেওঁ বাৰীচোৱা বুলি ভাবি তেওঁক ক’লে, “হে মহাশয়, আপুনি যদি তেওঁক এই ঠাইৰ পৰা নিলে, তেনেহলে ক’ত থলে, মোক কওক; মই তাৰ পৰা তেওঁক লৈ যাম।” যীচুৱে তেওঁক ক’লে, “অ’, মৰিয়ম৷” তেতিয়া মৰিয়মে মূখ ঘূৰাই ইব্ৰী ভাষাৰে ক’লে “ৰব্বুণি” ইয়াৰ অৰ্থ, ‘হে গুৰু৷’ যীচুৱে তেওঁক ক’লে, “তুমি মোক নুচুবা, কিয়নো মোৰ পিতৃৰ ওচৰলৈ এতিয়ালৈকে মই উঠা নাই। কিন্তু তুমি মোৰ ভাই সকলৰ ওচৰলৈ গৈ তেওঁলোকক কোৱাগৈ, যি জন মোৰ পিতৃ আৰু তোমালোকৰো পিতৃ; আৰু মোৰ ঈশ্বৰ আৰু তোমালোকৰো ঈশ্বৰ, তেওঁৰ ওচৰলৈ মই উঠি যাওঁ৷” তেতিয়া মগ্দলীনী মৰিয়ম গ’ল আৰু শিষ্য সকলক এই সম্বাদ দিলে যে, “মই প্ৰভুক দেখিলোঁ৷” মৰিয়মে তেওঁলোকক জনালে যে ‘তেৱেঁই মোক এই কথা ক’বলৈ ক’লে’।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.

অধিক পঢ়ক...
মুক্ত সম্পদ

বাইবেলখন অধিক গভীৰভাৱে বুজিব বিচাৰেনে?

আমাৰ বাইবেল অধ্যয়নত যোগদান কৰক
JesusFilm