Teaching About Prayer and Faith
Training·8 / 10ক্লিপ 8 / 10
Teaching About Prayer and Faith
Jesus has just taught them how to pray. He says, "ask and you will receive." He implores them to seek and assures that they will find. He reminds His followers that none of them would give their children bad things when they ask for good things. He says that no matter how bad mankind is, we still know to give good gifts to our children. And that the Heavenly Father will all the more give the Holy Spirit to those who ask.
প্ৰশ্নসমূহসম্পৰ্কিত প্ৰশ্নসমূহ
আপোনাৰটো সুধকবাইবেলৰ উদ্ধৃতি
শ্বেয়াৰ কৰকমই তোমালোকক পুনৰ কওঁ, খোজা তেতিয়া তোমালোকক দিয়া হ’ব, বিচাৰা তেতিয়া পাবা, টুকুৰিওৱা তেতিয়া তোমালোকৰ বাবে দুৱাৰ মুকলি কৰা হ’ব। কিয়নো খোজা লোকে পায়, বিচৰা জনে দেখে আৰু যি জনে টুকুৰিয়াই, তেওঁলৈ দুৱাৰ মুকলি কৰা হয়। তোমালোকৰ মাজত কোন জন পিতৃয়ে পুত্ৰই পিঠা খুজিলে, শিল দিব? বা মাছ খুজিলে, মাছৰ সলনি সাপ দিব? নাইবা কণী খুজিলে তাক কেঁকোৰা-বিছা দিব? এতেকে তোমালোক দুর্জন হৈয়ো নিজ নিজ সন্তান সকলক যদি ভাল বস্তু দিব জানা তেনেহলে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁৰ ওচৰত খোজা লোক সকলক পবিত্ৰ আত্মা নিদিব নে?”
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
অধিক পঢ়ক...পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “সেই বাবে মই তোমালোকক কওঁ, তোমালোকে কি খাম বুলি প্ৰাণৰ কাৰণে আৰু কি পিন্ধিম বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা। কিয়নো আহাৰতকৈ প্ৰাণ আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ। ঢোঁৰা কাউৰীবোৰলৈ চোৱা, সিহঁতে নবয় বা নাদায়; সিহঁতৰ ভঁৰালত বা মেৰত নাই; তথাপি ঈশ্বৰে সিহঁতক আহাৰ দিয়ে। তোমালোক চৰাইতকৈ কিমান বহুমূলীয়া! আৰু তোমালোকৰ মাজত কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে? এতেকে তোমালোকে যদি আটাইতকৈ সৰুটোৱে কৰিব নোৱাৰা তেনেহলে আনবোৰ বিষয় কিয় চিন্তা কৰা? পথাৰৰ কনাৰি ফুল কেনেকৈ বাঢ়ে, সেই বিষয়ে চিন্তা কৰি চোৱা; সেইবোৰে শ্ৰম নকৰে আৰু সূতাও নাকাটে৷ মই তোমালোকক কওঁ, চলোমন তেওঁৰ সকলো ঐশ্বর্যৰ সৈতেও সেইবোৰৰ এটাৰ নিচিনাও বিভূষিত নাছিল। কিন্তু পথাৰত থকা যি বন আজি আছে কাইলৈ জুইশালত পেলোৱা হ’ব, তাকো যদি ঈশ্বৰে এইদৰে ভূষিত কৰে, তেনেহলে হে অল্পবিশ্বাসী সকল, তোমালোকক তাতকৈয়ো বেছি ভূষিত নকৰিব নে! তোমালোকে কি খাবা, কি পান কৰিবা এইবোৰ তোমালোকে নিবিচাৰিবা আৰু অস্থিৰ নহবা। কিয়নো জগতৰ সকলো জাতিয়ে এইবোৰ বিচাৰে; আৰু এইবোৰ তোমালোকৰো প্ৰয়োজন আছে বুলি তোমাৰ পিতৃয়ে জানে। কিন্তু তোমালোকে ঈশ্বৰৰ ৰাজ্য বিচাৰা; তাতে এইবোৰ তোমালোকক দিয়া হ’ব।

অধিক পঢ়ক...