Darkness and Jesus' Death
Magdalena·37 / 44ক্লিপ 37 / 44
Darkness and Jesus' Death
Darkness came over all of the land for three hours and then Jesus "gave up His spirit" and died. At the same moment of His death, the curtain in the temple was torn in two from top to bottom.
প্ৰশ্নসমূহসম্পৰ্কিত প্ৰশ্নসমূহ
আপোনাৰটো সুধকবাইবেলৰ উদ্ধৃতি
শ্বেয়াৰ কৰকপাছত বাৰ বজাৰ পৰা তিনি বজালৈকে, গোটেই খন দেশৰ ওপৰত আন্ধাৰ হ’ল; আৰু তিনি মান বজাত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “এলী, এলী, লামা চবক্তানী”? অৰ্থাৎ, “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ; কিয় মোক পৰিত্যাগ কৰিলা”? তেতিয়া তাতে থিয় হৈ থকা কোনো কোনোৱে ইয়াকে শুনি ক’লে, “তেওঁ এলিয়াক মাতিছে”। তেতিয়াই তেওঁলোকৰ মাজৰ এজনে ল’ৰি গৈ, স্পঞ্জ এটুকুৰা লৈ চিৰকাৰে পূৰ কৰি, তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দিলে। কিন্তু আনবোৰে ক’লে, “অকলে থকিবলৈ দিয়া; এলিয়াই তেওঁক ৰক্ষা কৰিবলৈ আহে নে নাহে তাকে চাওঁ”। তেতিয়া যীচুৱে বৰ মাতেৰে ৰিঙিয়ালে আৰু প্ৰাণ ত্যাগ কৰিলে। চোৱা, তেতিয়াই মন্দিৰৰ আঁৰ-কাপোৰ ওপৰৰ পৰা মজিয়ালৈকে ফাটি দুছিটা হ’ল৷ ভুমিকম্প হ’ল; শিলবোৰ ফাটিল; তেতিয়া মৈদামবোৰ মুকলি হৈ গ’ল আৰু বহু নিদ্ৰিত পবিত্ৰ লোকৰ দেহ উত্থিত হ’ল। তেওঁৰ পুনৰুত্থানৰ পাছত তেওঁলোকে মৈদামৰ পৰা ওলাই পবিত্ৰ নগৰলৈ গ’ল আৰু বহু ব্যক্তিক দেখা দিলে। পাছত এশৰ সেনাপতি আৰু তেওঁৰ লগত যীচুক পহৰা দি থকা সকলে, এইদৰে ভুমিকম্প আদি ঘটনা হোৱা দেখি বৰ ভয় পাই ক’লে, ‘এওঁ সঁচাকৈয়ে ঈশ্বৰৰ পুত্ৰ’। গালীল প্ৰদেশৰ পৰা তেওঁক শুশ্ৰূষা কৰা বহু মহিলা তেওঁৰ পাছে পাছে আহি আছিল, তেওঁলোকে দূৰৰ পৰা সকলো চাই আছিল৷ তেওঁলোকৰ ভিতৰত মগ্দলীনী মৰিয়ম, যাকোব আৰু যোচেফৰ মাক মৰিয়ম আৰু চিবদিয়ৰ পুতেক দুজনৰ মাক, আদি কৰি যীচুৰ সেৱা-শুশ্ৰষা কৰিবলৈ যীচুৰ লগত অহা মহিলা সকল আছিল৷
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
অধিক পঢ়ক...পাছত বাৰ মান বজাৰ পৰা তিনি বজালৈকে গোটেই দেশ আন্ধাৰ হ’ল। আৰু ঠিক তিনি বজাৰ সময়ত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “এলোই, এলোই, লামা চবক্তানী?” অৰ্থাৎ “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কি কাৰণত মোক তুমি পৰিত্যাগ কৰিলা?” তেতিয়া ওচৰত থিয় দি থকা লোক সকলৰ মাজৰ কোনো কোনোৱে ইয়াকে শুনি ক’লে, “চোৱা, ই এলিয়াক মাতিছে।” তাতে কোনো এজনে বেগাই গৈ, স্পঞ্জ এটা চিৰকাৰে পুৰ কৰি, তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দি ক’লে, “ৰবা, এলিয়াই ইয়াক নমাই দিবলৈ আহে নে নাহে, তাকে আমি চাওঁ আহা৷” তেতিয়া যীচুৱে বৰকৈ আটাহ পাৰি, প্ৰাণ ত্যাগ কৰিলে। তাতে মন্দিৰৰ আঁৰ-কাপোৰ খন ওপৰৰ পৰা তললৈকে ফালি দুভাগ হ’ল। তেওঁ এইদৰে প্ৰাণ ত্যাগ কৰা দেখি, তেওঁৰ ওচৰতে থিয় দি থকা এশৰ সেনাপতিয়ে ক’লে, “সঁচাকৈ এই মানুহ জন ঈশ্বৰৰ পুত্ৰ আছিল৷” সেই সময়ত বহু মহিলাই আতৰৰ পৰা চাই আছিল৷ তেওঁলোকৰ ভিতৰত মগ্দলীনী মৰিয়ম, সৰু যাকোব আৰু যোচিৰ মাক মৰিয়ম আৰু চালোমীও আছিল ৷ যীচু যেতিয়া গালীল প্ৰদেশত আছিল, তেতিয়া এই মহিলা সকলে তেওঁৰ পাছে পাছে গৈ তেওঁক সেৱা শুশ্ৰূষা কৰিছিল৷ ইয়াৰ ওপৰিও বহু মহিলা তেওঁৰ লগত যিৰূচালেমলৈ আহিছিল৷
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
অধিক পঢ়ক...তেতিয়া বাৰ মান বজাৰ সময় হ’ল আৰু তিনি বজালৈকে গোটেই খন দেশৰ ওপৰত আন্ধাৰ হ’ল; সূর্যও লুপ্ত হৈ গ’ল আৰু মন্দিৰৰ আঁৰ-কাপোৰ খন মাজেদি ফাটি গ’ল। পাছত যীচুৱে বৰ মাতেৰে ক’লে, “হে পিতৃ, তোমাৰ হাতত মোৰ আত্মা সমর্পণ কৰিছোঁ৷” এই বুলি কৈ, তেওঁ প্ৰাণ ত্যাগ কৰিলে। তেতিয়া যি যি হ’ল, তাকে দেখি, এশৰ সেনাপতিয়ে ঈশ্বৰৰ প্ৰশংসা কৰি ক’লে, “এই মানুহ জন সঁচাকৈ ধাৰ্মিক আছিল।” এই দৃশ্য চাবলৈ যি সকল লোক আহিছিল, তেওঁলোকে এই সকলো ঘটনা দেখি হিয়া ভুকুৱাই উলটি গ’ল৷ কিন্তু তেওঁৰ চিনাকি লোক আৰু যি তিৰোতা সকল গালীল প্ৰদেশৰ পৰা তেওঁৰ পাছে পাছে আহি আছিল, তেওঁলোকেও আতৰত থিয় হৈ এইবোৰ ঘটনা চাই আছিল।

অধিক পঢ়ক...