Magdalena·24 / 44

Jairus' Daughter Brought Back to Life

Jairus is told that his daughter is dead. Jesus says, "don't be afraid, only believe."

আপোনাৰটো সুধক

বাইবেলৰ উদ্ধৃতি

শ্বেয়াৰ কৰক
মথি 9:18-26

যীচুৱে লোক সকলক যেতিয়া এইবোৰ কথা কৈ আছিল, তেতিয়া এজন শাসনকর্তাই আহি তেওঁক প্ৰণিপাত কৰি ক’লে, “মোৰ ছোৱালী জনীৰ এইমাত্র মৃত্যু হ’ল; আপুনি আহি তাইৰ ওপৰত হাত ৰাখক, তাতে তাই জীয়াই উঠিব।” তেতিয়া যীচু আৰু তেওঁৰ শিষ্য সকলে উঠি তেওঁৰ পাছে পাছে গ’ল। সেই সময়তে এগৰাকী মহিলাই পাছফালৰ পৰা যীচুৰ ওচৰলৈ আহি তেওঁৰ কাপোৰৰ দহি চুলে; সেই মহিলা গৰাকী বাৰ বছৰ ধৰি ৰক্তস্রাৱ ৰোগত ভুগি আছিল। তেওঁ মনে মনে ভাৱিছিল, “যদি মই যীচুৰ কাপোৰ খনকে অকল চুব পাৰোঁ, তেনেহলেও মই ভাল হৈ যাম।” যীচুৱে মুখ ঘূৰাই তেওঁক দেখি ক’লে, “ভনী, নিৰ্ভয় হোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে।” সেই সময়ৰে পৰা সেই মহিলা গৰাকী সুস্থ হ’ল। তাৰ পাছত যীচু সেই শাসনকৰ্তাৰ ঘৰলৈ গ’ল। তাত তেওঁ বাঁহীবাদক সকলক দেখিলে আৰু লোক সকলে হুলস্থুল কৰি থকা দেখা পালে। যীচুৱে ক’লে, “চাওঁ, তোমালোক আতৰ হোৱা। ছোৱালী জনী মৰা নাই, টোপনি গৈছে।” এই কথা শুনি তেওঁলোকে হাঁহিবলৈ ধৰিলে। পাছত লোক সকলক ঘৰৰ পৰা বাহিৰ কৰি দিয়াত যীচু ভিতৰলৈ গ’ল আৰু ছোৱালী জনীৰ হাতত ধৰিলে; তেতিয়া তাই উঠিল। পাছত সেই অঞ্চলৰ সকলো ঠাইতে এই ঘটনাৰ বিষয়ে বিয়পি পৰিল।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.

অধিক পঢ়ক...
মাৰ্ক 5:21-24

পাছত যীচুৱে যেতিয়া নাৱেৰে আকৌ সিপাৰলৈ গ’ল, তেতিয়া মানুহৰ বৃহৎ দল এটা তেওঁৰ ওচৰত গোট খালে; সেই সময়ত তেওঁ সাগৰৰ তীৰত আছিল। এনেতে যায়ীৰ নামেৰে নাম-ঘৰৰ অধিকাৰী এজনে আহি তেওঁক দেখি তেওঁৰ চৰণত পৰিল৷ তেওঁ বাৰে বাৰে বিনয় কৰি যীচুক কলে, “মোৰ ছোৱালী জনীৰ মৃত্যু ওচৰ চাপিছে; তাই যেন সুস্থ হৈ জীয়াই থাকে, এই কাৰণে আপুনি আহি, তাইৰ গাত হাত দিয়কহি।” তেতিয়া যীচু তেওঁৰ লগত গ’ল আৰু বহু লোক তেওঁৰ পাছে পাছে গৈ তেওঁক হেঁচি-মেলি ধৰিলে।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.

অধিক পঢ়ক...
মাৰ্ক 5:35-43

তেওঁ এই কথা কয় থাকোতে, নাম-ঘৰৰ অধিকাৰী জনৰ ঘৰৰ পৰা মানুহবোৰে আহি ক’লে, “তোমাৰ ছোৱালী মৰিল৷ গুৰুক পুনৰ কিয় কষ্ট দিয়া?” কিন্তু যেতিয়া সেই বাক্য যীচুৰ কাণত পৰিল, তেওঁ নাম-ঘৰৰ অধিকাৰী জনক কলে, “ভয় নকৰিবা; বিশ্বাস মাথোন ৰাখা।” পাছত পিতৰ, যাকোব আৰু যাকোবৰ ভায়েক যোহন কিন্তু তেওঁলোকৰ বাহিৰে আন কাকো তেওঁৰ লগত থাকিব নিদিলে। তেওঁলোকে নাম-ঘৰৰ অধিকাৰী জনৰ ঘৰলৈ আহি তাতে ক্ৰন্দন আৰু বৰ বিলাপ কৰাবোৰক দেখিলে। পাছত যীচুৱে ভিতৰলৈ সোমাই, তেওঁলোকক ক’লে, “তোমালোকে কিয় বিলাপ আৰু ক্ৰন্দন কৰিছা? ছোৱালী জনী মৰা নাই, টোপনিতহে আছে।” তাতে তেওঁলোকে তেওঁক হাঁহিলে। কিন্তু তেওঁ সকলোকে বাহিৰ কৰি, ছোৱালী জনীৰ মাক-দেউতাক আৰু তেওঁৰ সঙ্গী সকলক লগত লৈ, যি ঠাইত ছোৱালী জনী আছিল, সেই ঠাইলৈ গ’ল। পাছত তেওঁ ছোৱালী জনীৰ হাতত ধৰি তাইক কলে, “টালিথা কুমী”; অৰ্থাৎ, “আইটি, মই তোমাক কওঁ, উঠা।” সেই মুহুর্ওতে ছোৱালী জনীয়ে উঠি খোজ কাঢ়িলে, (কিয়নো তাইৰ বয়স বাৰ বছৰ হৈছিল) ৷ তেতিয়া তেওঁলোকে অতিশয় বিস্ময় মানিলে। পাছত এই কথা যেন কোনেও নাজানে, তাৰ বাবে তেওঁ তেওঁলোকক এনে দৃঢ় আজ্ঞা দিলে আৰু তাইক কোনো খোৱা বস্তু দিবলৈ ক’লে।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.

অধিক পঢ়ক...
Luke 5:40-56
মুক্ত সম্পদ

বাইবেলখন অধিক গভীৰভাৱে বুজিব বিচাৰেনে?

আমাৰ বাইবেল অধ্যয়নত যোগদান কৰক
JesusFilm