3 / 61JESUS · ৬১ অধ্যায়

Childhood of Jesus

One week after the baby is born, He is circumcised and officially named Jesus. While Jesus is a small boy they go to the temple where they meet a man named Simeon. The Holy Spirit had assured Simeon he would not die before seeing the Lord's Messiah. Simeon sees Jesus and declares Him the promised Messiah.

আপোনাৰটো সুধক

বাইবেলৰ উদ্ধৃতি

শ্বেয়াৰ কৰক
লূক 2:21-52

পাছে আঠ দিনৰ পাছত, যেতিয়া তেওঁৰ চুন্নৎ কৰিবৰ সময় হ’ল, তেতিয়া তেওঁলোকে শিশুটিৰ নাম যীচু ৰাখিলে; তেওঁ মাতৃগর্ভত স্থিতি হোৱাৰ আগেয়ে স্বর্গৰ দূতে এই নাম দিছিল। মোচিৰ বিধান অনুসাৰে শুচিকৰণৰ দিন উপস্থিত হোৱাত যোচেফ আৰু মৰিয়মে শিশু যীচুক প্রভুৰ ওচৰত উপস্থিত কৰিবৰ কাৰণে তেওঁলোক যিৰূচালেমত থকা মন্দিৰলৈ আনিলে। কাৰণ প্রভুৰ বিধান-শাস্ত্ৰত লিখা আছে যে “প্ৰথমে জন্মা প্ৰতিজন পুত্র সন্তানক প্রভুৰ উদ্দেশ্যে ‘পবিত্ৰ’ বুলি কোৱা হব।” আৰু “এযোৰ কপৌ বা দুটা পাৰ পোৱালি” বলিদান কৰাৰ কথা যি দৰে প্রভুৰ বিধান-শাস্ত্ৰত লিখা আছে, তাক উৎসর্গ কৰিবলৈকো তেওঁলোক যিৰূচালেমলৈ আহিল। তেতিয়া যিৰূচালেমত চিমিয়োন নামেৰে এজন ধাৰ্মিক আৰু ঈশ্বৰভক্ত লোক আছিল আৰু তেওঁ ইস্ৰায়েলৰ সান্ত্বনাৰ কাৰণে অপেক্ষা কৰি আছিল। পবিত্ৰ আত্মা তেওঁৰ সৈতে আছিল। প্ৰভুৰ অভিষিক্ত জনক দেখা নাপায় মানে, তেওঁ মৃত্যুভোগ নকৰিব, এই কথা পবিত্ৰ আত্মাৰ দ্বাৰাই তেওঁলৈ প্ৰকাশ কৰা হৈছিল। সেইদিনা পবিত্র আত্মাৰ দ্বাৰা চালিত হৈ চিমিয়োন মন্দিৰলৈ আহিছিল। বিধানৰ বিধান পালন কৰিবলৈ মাক-বাপেকে শিশু যীচুক ভিতৰলৈ আনিলে। তেতিয়া চিমিয়োনে যীচুক কোলাত লৈ ঈশ্বৰৰ প্ৰশংসা কৰি ক’লে, “হে প্ৰভু, এতিয়া আপুনি নিজৰ প্রতিশ্রুতি অনুসাৰে আপোনাৰ দাসক শান্তিৰে বিদায় দিয়ক। কিয়নো মোৰ চকুৱে আপোনাৰ পৰিত্রাণ দেখা পালে, যি পৰিত্রাণ আপুনি সকলো লোকৰ সাক্ষাতে প্রস্তুত কৰিলে। তেওঁ অনা-ইহুদী সকলৰ আগত সত্য প্রকাশ কৰাৰ এক পোহৰ হব আৰু তেৱেঁই আপোনাৰ প্রজা ইস্ৰায়েল লোকৰ গৌৰৱ হব।” শিশুটিৰ বিষয়ে চিমিয়োনে যি সকলো কথা ক’লে, সেই বিষয় শুনি মাক-বাপেক বিস্মিত হৈ গ’ল। তাৰ পাছত চিমিয়োনে তেওঁলোকক আশীৰ্বাদ কৰি যীচুৰ মাক মৰিয়মক ক’লে, “মনোযোগেৰে শুনা! এই শিশুটিয়েই ইস্ৰায়েলৰ মাজত অনেকৰ পতন আৰু উত্থানৰ কাৰণ হব আৰু তেওঁ এনে এক চিন হ’ব যাৰ বিৰুদ্ধে অনেকেই কথা কব; তাতে বহু লোকৰ মনৰ ভাৱনা প্রকাশ হৈ পৰিব আৰু তোমাৰ নিজৰ হৃদয় শূলে বিন্ধিব।” সেই ঠাইতে হান্না নামৰ এগৰাকী ভাববাদিনী আছিল। তেওঁ আচেৰ ফৈদৰ পনুৱেলৰ জীয়েক। তেওঁৰ অনেক বয়স হৈছিল। বিবাহৰ পাছত তেওঁ স্বামীৰ সৈতে সাত বছৰ থাকিল আৰু পাছত চৌৰাশী বছৰ বয়সলৈকে তেওঁ বিধৱাৰ জীৱন কটালে। তেওঁ মন্দিৰ এৰি কলৈকো যোৱা নাছিল; দিনে ৰাতিয়ে উপবাস আৰু প্রার্থনাৰে ঈশ্বৰৰ আৰাধনা কৰিছিল। ঠিক সেই সময়তে, তেওঁ তেওঁলোকৰ ফালে আগবাঢ়ি আহি ঈশ্বৰক ধন্যবাদ দিবলৈ আৰম্ভ কৰিলে আৰু যিৰূচালেমৰ মুক্তিৰ অপেক্ষাত থকা সকলোকে সেই শিশুটিৰ বিষয়ে ক’বলৈ ধৰিলে। প্ৰভুৰ বিধানৰ মতে কৰিবলগীয়া সকলো নিয়ম সম্পূর্ণ কৰি যোচেফ আৰু মৰিয়ম নিজৰ নগৰ গালীল প্ৰদেশৰ নাচৰতলৈ উলটি আহিল। পাছে শিশুটি ক্রমে ক্রমে বৃদ্ধি পাই শক্তিমান হব ধৰিলে আৰু জ্ঞানেৰেও পূর্ণ হব ধৰিলে; ঈশ্বৰৰ অনুগ্ৰহ তেওঁৰ ওপৰত আছিল। নিস্তাৰ-পৰ্ব পালন কৰিবলৈ প্রত্যেক বছৰে যীচুৰ মাক আৰু বাপেক যিৰূচালেমলৈ যায়। যীচুৰ বয়স যেতিয়া বাৰ বছৰ, তেতিয়া তেওঁলোকে যথা ৰীতি মতে সেই পর্বলৈ গৈছিল। পর্বৰ সকলো ৰীতি শেষ কৰি তেওঁলোক যেতিয়া ঘৰলৈ উলটি আহিছিল, তেতিয়া ল’ৰা যীচু যিৰূচালেমতে ৰৈ গ’ল; কিন্তু তেওঁৰ মাক-বাপেকে এই কথা জনা নাছিল। তেওঁলোকৰ সৈতে যাত্রা কৰা দলৰ লগতে যীচু আছে বুলি ভাবি, তেওঁলোক এদিনৰ বাট গ’ল। পাছত তেওঁলোকে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত তেওঁক বিচাৰিবলৈ ধৰিলে। কিন্তু মানুহৰ মাজত বিচাৰি নাপায় যিৰূচালেমলৈ পুণৰ ঘূৰি আহি তেওঁলোকে যীচুক তাত বিচাৰি ফুৰিব ধৰিলে। তিনি দিনৰ পাছত তেওঁলোকে যীচুক মন্দিৰত পালে। তেওঁ অধ্যাপক সকলৰ মাজত বহি তেওঁলোকৰ কথা শুনি আছিল আৰু নানা প্ৰশ্ন সুধি আছিল। আৰু যি সকলে তেওঁৰ কথা শুনিলে, তেওঁলোক সকলোৱে তেওঁৰ বুদ্ধি আৰু উত্তৰত বিস্ময় মানিলে। মাক-বাপেকেও তেওঁক দেখি আচৰিত হ’ল৷ মাকে তেওঁক ক’লে, “বোপা, তুমি আমালৈ কিয় এইদৰে কৰিলা? তোমাৰ দেউতাৰা আৰু মই তোমাক বিচাৰি হাবাথুৰি খাই ফুৰিছোঁ।” তেতিয়া তেওঁলোকক তেওঁ ক’লে, “তোমালোকে কি কাৰণে মোক বিচাৰি ফুৰিছা? মই মোৰ পিতৃৰ ঘৰত থকা যে উচিত, ইয়াক জানো তোমালোকে নাজানা?” কিন্তু তেওঁ কি কথা কব বিচাৰিছিল, সেই কথাৰ অৰ্থ তেওঁলোকে বুজি নাপালে। তাৰ পাছত তেওঁলোকৰ লগত তেওঁ নাচৰতলৈ উভটি গ’ল আৰু তেওঁলোকৰ বাধ্য হৈ থাকিল। তেওঁৰ মাকে এই সকলো কথা মনত ৰাখিলে। কিন্তু এইদৰে যীচু জ্ঞান আৰু বয়সত বৃদ্ধি পাব ধৰিলে; আৰু ঈশ্বৰৰ অনুগ্ৰহ সৈতে, মানুহৰ প্রেমত অধিককৈ বাঢ়ি যাব ধৰিলে।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.

অধিক পঢ়ক...
মুক্ত সম্পদ

বাইবেলখন অধিক গভীৰভাৱে বুজিব বিচাৰেনে?

আমাৰ বাইবেল অধ্যয়নত যোগদান কৰক
JesusFilm