JESUS·33 / 61

Jesus and Zaccheus

Jesus enters the town surrounded by crowds pushing in on Him. Zacchaeus, a short man, tries to see Jesus. But he can't see above the crowds or get through them. He climbs a tree. Jesus calls out to him. He tells Zacchaeus to come down from the tree because He wants to have dinner with him. People are appalled. Zacchaeus is the town tax collector. But Zacchaeus is more than happy. He comes down from the tree and leads the way.

আপোনাৰটো সুধক

বাইবেলৰ উদ্ধৃতি

শ্বেয়াৰ কৰক
লূক 19:1-10

পাছত যীচু যিৰীহো নগৰত সোমাই সেই নগৰৰ মাজেদি যাবলৈ ধৰিলে। সেই নগৰত চক্কেয় নামৰ এজন মানুহ আছিল৷ তেওঁ কৰ সংগ্ৰহক সকলৰ প্ৰধান আৰু ধনী আছিল। তেওঁ যীচুক চাবলৈ অৰ্থাৎ যীচু নো কোন হয় জানিবৰ বাবে, তেওঁক চাবলৈ বহুত চেষ্টা কৰিলে, কিন্তু মানুহৰ ভিৰ বেছি হোৱা বাবে যীচুক দেখা নাপালে, কাৰণ তেওঁ চুটি-চাপৰ লোক আছিল। সেয়েহে তেওঁ সকলোৰে আগত বেগাই গ’ল আৰু যি পথেৰে যীচু আহি আছিল, সেই পথৰ কাষত থকা ডিমৰু গছ এজোপাত উঠি যীচুক চাবলৈ ধৰিলে। পাছত যীচুৱে সেই ঠাই পাওঁতে, ওপৰলৈ চাই তেওঁক দেখি ক’লে, “হে চক্কেয়, বেগাই নামি আহা, কিয়নো মই আজি তোমাৰ ঘৰত থাকিব লাগে৷” তেতিয়া তেওঁ বেগাই নামি আহি, আনন্দেৰে তেওঁক আলহী কৰি ৰাখিবলৈ লৈ গ’ল। তাকে দেখি সকলোৱেই ভোৰভোৰাই কবলৈ ধৰিলে, “এওঁ এজন পাপী মানুহৰ ঘৰত আলহী হ’বলৈ গৈছে।” তেতিয়া চক্কেয়ই প্ৰভুৰ আগত থিয় হৈ ক’লে, “হে প্ৰভু, চাওক মোৰ যি সম্পত্তি আছে, তাৰ আধাখিনি দৰিদ্ৰ লোকক দান কৰোঁ আৰু মিছা অপবাদ দি, কোনো মানুহৰ পৰা যদি কিবা লৈছোঁ, তেনেহলে তাৰ চাৰি গুণ ওভোতাই দিওঁ।” তেতিয়া যীচুৱে তেওঁক ক’লে, “আজি এই ঘৰলৈ পৰিত্রাণ আহিল; কিয়নো এৱোঁ অব্ৰাহামৰেই সন্তান। কাৰণ, যি হেৰাল, তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল।”

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.

অধিক পঢ়ক...
মুক্ত সম্পদ

বাইবেলখন অধিক গভীৰভাৱে বুজিব বিচাৰেনে?

আমাৰ বাইবেল অধ্যয়নত যোগদান কৰক
JesusFilm