The Devil Tempts Jesus
JESUS·5 / 61ক্লিপ 5 / 61
The Devil Tempts Jesus
After Jesus has been baptized, He's led by the Spirit into the desert. He spends 40 days there, constantly tempted by the devil. All that time, he eats nothing. The devil tries to tempt Jesus, but Jesus answers using Scripture, resisting him.
প্ৰশ্নসমূহসম্পৰ্কিত প্ৰশ্নসমূহ
আপোনাৰটো সুধকবাইবেলৰ উদ্ধৃতি
শ্বেয়াৰ কৰকইয়াৰ পাছত যীচু পবিত্ৰ আত্মাৰে পৰিপূর্ণ হৈ যৰ্দ্দন নদীৰ পৰা উলটি আহিল আৰু আত্মাৰ দ্বাৰা পৰিচালিত হৈ মৰুপ্ৰান্তলৈ গ’ল।। তাত চল্লিশ দিন ধৰি চয়তানে তেওঁক প্রলোভনত পেলাব বিচাৰিলে। এই চল্লিশ দিন যীচুৱে একোকে নাখালে; সেয়ে, এই সময় পাৰ হোৱাৰ পাছত তেওঁৰ ভোক লাগিল। তেতিয়া চয়তানে যীচুক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে এই শিলবোৰ পিঠা হবলৈ দিয়ক।” যীচুৱে তাক উত্তৰ দিলে, “শাস্ত্রত লিখা আছে, মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে।” তাৰ পাছত চয়তানে যীচুক এক ওখ ঠাইলৈ লৈ গ’ল আৰু মুহূর্ততে জগতৰ সকলো ৰাজ্য তেওঁক দেখুৱালে। চয়তানে তেওঁক ক’লে, “এই সকলো ৰাজ্যৰ ক্ষমতা আৰু সেইবোৰৰ ঐশ্বর্য মই আপোনাক দিম, কাৰণ এই সকলো মোক দিয়া হৈছে আৰু মই যি জনকে ইচ্ছা কৰোঁ, তেওঁকে এইবোৰ দিব পাৰোঁ। এই হেতুকে আপুনি যদি মোৰ আগত প্ৰণিপাত কৰি মোৰ আৰাধনা কৰে, তেনেহলে এই সকলো আপোনাৰেই হব।” তেতিয়া যীচুৱে উত্তৰ দি তাক ক’লে, “শাস্ত্রত লিখা আছে: ‘তুমি কেৱল তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰিবা, আৰু তেওঁৰেই কেৱল সেৱা কৰিবা।’” তাৰ পাছত চয়তানে যীচুক যিৰূচালেমলৈ লৈ গ’ল আৰু মন্দিৰৰ সুউচ্চ চূড়াৰ ওপৰত থিয় কৰাই ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে ইয়াৰ পৰা তললৈ নিজক পেলাই দিয়ক। কিয়নো শাস্ত্রত এনেদৰে লিখা আছে: ‘তোমাক ৰক্ষা কৰিবলৈ তেওঁ নিজৰ দূত সকলক তোমাৰ অর্থে আজ্ঞা দিব’ আৰু ‘তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব’।” তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “‘তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা’ এনেকৈয়ো লিখা আছে।” এইদৰে চয়তানে যীচুক পৰীক্ষা কৰাৰ পাছত আন সময়ত সুযোগ পোৱাৰ অপেক্ষাৰে যীচুক এৰি থৈ আতৰি গ’ল।
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
অধিক পঢ়ক...