JESUS·46 / 61

Jesus is Mocked and Questioned

Jesus gets beaten by the temple guards. A man tells the guards to bring Jesus in to see the council. Annas and Caiaphas enter. The room is full of other Jewish men. They want to know if Jesus is the Messiah. Jesus only replies that if He tells them, the council won't believe Him. He says the Son of Man will be seated at the right hand of God. They ask if He is the Son of God. Jesus replies that they say He is. They don't know what to make of His answer. One of them stands and acts as a witness. Everyone heard His replies. The council decides to take Him to Pilate.

আপোনাৰটো সুধক

বাইবেলৰ উদ্ধৃতি

শ্বেয়াৰ কৰক
লূক 22:63-71

পাছত যি সকল লোকে যীচুক ধৰি ৰাখিছিল, তেওঁলোকে তেওঁক বিদ্ৰূপ কৰি কোবালে; আৰু কাপোৰেৰে তেওঁৰ চকু বান্ধি সুধিলে, “তোমাক কোনে মাৰিলে, ইয়াক ভাববাণীৰে কোৱা?” আৰু নিন্দা কৰি যীচুৰ বিৰুদ্ধে আন আন বহু কথা ক’লে। পাছত দিন হ’লত, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ সৈতে লোক সকলৰ পৰিচাৰক সকল গোট খালে৷ তেওঁলোকে তেওঁক মহাসভালৈ আনিলে, তেওঁলোকে ক’লে, “তুমি যদি খ্ৰীষ্ট হোৱা, তেনেহলে আমাক কোৱা।” কিন্তু তেওঁ তেওঁলোকক ক’লে, “যদিও তোমালোকক কওঁ, তথাপি তোমালোকে মোক বিশ্বাস নকৰিবা, আৰু যদিও সুধো, তথাপি উত্তৰ নিদিবা। কিন্তু এতিয়াৰ পৰা মানুহৰ পুত্ৰ ঈশ্বৰৰ পৰাক্ৰমৰ সোঁ হাতে বহি থাকিব।” তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “তেনেহলে তুমি ঈশ্বৰৰ পুত্ৰ নে?” যীচুৱে তেওঁলোকক ক’লে, “তোমালোকেই কোৱা যে, মই হওঁ।” তেতিয়া তেওঁলোকে ক’লে, “আমাৰ অন্য সাক্ষ্যৰ কি প্ৰয়োজন আছে? কিয়নো আমি নিজে এওঁৰ মুখৰ পৰাই এতিয়া শুনিলোঁ।”

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.

অধিক পঢ়ক...
মুক্ত সম্পদ

বাইবেলখন অধিক গভীৰভাৱে বুজিব বিচাৰেনে?

আমাৰ বাইবেল অধ্যয়নত যোগদান কৰক
JesusFilm