18 / 20Easter · ২০ অধ্যায়

Resurrected Jesus Appears

John and others return to the room where Jesus's followers have gathered. They come in saying that Jesus has indeed risen. John says Jesus appeared to Simon on the road. Simon talks about how they didn't recognize Jesus at first. But when they sat down to dinner and Jesus broke the bread, they knew who He was. Jesus stands in the room with them. He asks why they're troubled and doubtful. He holds out His hands for them to see. He encourages them to touch Him to prove to them that He's flesh and blood. They reach out and touch His hands.

আপোনাৰটো সুধক

বাইবেলৰ উদ্ধৃতি

শ্বেয়াৰ কৰক
লূক 24:33-49

সেই সময়তে তেওঁলোক দুজন উঠি, যিৰূচালেমলৈ উলটি আহিল; তাতে একে ঠাইতে গোট খোৱা এঘাৰ জন আৰু লগত থকা সকলক দেখা পাই, তেওঁলোকক ক’লে, “নিশ্চয় প্ৰভু উঠিল; আৰু চিমোনক দেখা দিলে।” পাছত বাটত যি যি হ’ল আৰু পিঠা ভাঙোতে তেওঁক কেনেকৈ চিনি পালে, সেই সকলোবোৰ সেই দুজন লোকে তেওঁলোকক ক’লে। এইবোৰ কথা কৈ থাকোতেই যীচু নিজে তেওঁলোকৰ মাজত থিয় হৈ ক’লে, “তোমালোকৰ শান্তি হওক।” কিন্তু ভূত দেখিছোঁ বুলি ভাবি, তেওঁলোক ভয়াতুৰ আৰু আতংকিত হ’ল। তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ মনত কিয় উগুল-থুগুল লাগিছে? আৰু তোমালোকৰ অন্তৰত কি কাৰণে প্ৰশ্ন জাগিছে? মোৰ হাত আৰু ভৰি চাই জ্ঞাত হোৱা যে মইহে, মোক স্পৰ্শ কৰি চোৱা৷ যি দৰে মোক দেখিছা, সেইদৰে আত্মাৰ হ’লে হাড় আৰু মাংস নাই”; ইয়াকে কৈ তেওঁ নিজৰ হাত-ভৰি তেওঁলোকক দেখুৱালে। কিন্তু তেওঁলোক আনন্দিত হ’লেও, তেতিয়াও অবিশ্বাস কৰি বিস্ময় মানি থকা বাবে, যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ কিবা খোৱা বস্তু আছে নে?” তেতিয়া তেওঁলোকে তেওঁক এডোখৰ ভজা মাছ দিলে। যীচুৱে তাকে লৈ তেওঁলোকৰ আগত খালে; আৰু তেওঁ তেওঁলোকক ক’লে, “মোচিৰ বিধানত, ভাববাদী সকলৰ বিধান-শাস্ত্ৰত আৰু গীতমালাত মোৰ বিষয়ে যি যি বচন লিখা আছে, সেই সকলো সিদ্ধ হ’ব লাগে বুলি তোমালোকৰ লগত থাকোতেই, যি কথা মই কৈছিলোঁ, মোৰ সেই কথা এই।” তেতিয়া তেওঁ ধৰ্মশাস্ত্ৰ বুজিবলৈ তেওঁলোকৰ হৃদয়ৰ চকু মুকলি কৰি দিলে; আৰু তেওঁ তেওঁলোকক ক’লে, “এইদৰে লিখা আছে, যে খ্ৰীষ্টে দুখভোগ কৰি তৃতীয় দিনা মৃত লোকৰ মাজৰ পৰা পুনৰায় উঠিব৷ আৰু যিৰূচালেমৰ পৰা আৰম্ভ কৰি সকলো জাতিৰ আগত মন-পালটন আৰু পাপ মোচনৰ কথা তেওঁৰ নামেৰে ঘোষণা কৰা হ’ব। তোমালোক এই সকলোৰে সাক্ষী আছা। চোৱা মোৰ পিতৃয়ে যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা তোমালোকলৈ পঠাই দিম৷ কিন্তু ওপৰৰ পৰা শক্তি নোপোৱালৈকে এই নগৰতে থাকা।”

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.

অধিক পঢ়ক...
মুক্ত সম্পদ

বাইবেলখন অধিক গভীৰভাৱে বুজিব বিচাৰেনে?

আমাৰ বাইবেল অধ্যয়নত যোগদান কৰক
JesusFilm