Upper Room Teaching
Upper Room Teaching
Jesus sits after sharing the bread and wine, sealing a new covenant with His followers, and revealing that there is a traitor among them. He passes on one last specific teaching to His disciples. The disciples listen solemnly. He tells them that the greatest of them must be like the least of them. And the leader must be like the servant. He asks which one is actually greater: the one who sits down at the table or the one who serves? He says that the one who sits is greater. But then He points out that He Himself came as one who serves.
প্ৰশ্নসমূহসম্পৰ্কিত প্ৰশ্নসমূহ
আপোনাৰটো সুধকবাইবেলৰ উদ্ধৃতি
শ্বেয়াৰ কৰকতেওঁলোকৰ মাজত কোন জনক শ্ৰেষ্ঠ বুলি মনা হ’ব, সেই বিষয়ে তেওঁলোকৰ ভিতৰত বাদ-বিবাদ হ’ল। কিন্তু তেওঁ তেওঁলোকক ক’লে, “অনা-ইহুদী ৰজা সকলে তেওঁলোকৰ ওপৰত ৰাজত্ব কৰে আৰু তেওঁলোকৰ মাজত ক্ষমতা পোৱা অধিকাৰী সকলক ‘উপকাৰক’ বুলি কোৱা হয়। কিন্তু তোমালোক তেনেকুৱা নহবা৷ তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ সৰু এজনৰ নিচিনা হওক; আৰু যি জন প্ৰধান, তেওঁ পৰিচাৰকৰ নিচিনা হওক। কিয়নো বিবেচনা কৰাচোন, কোন শ্ৰেষ্ঠ? ভোজনত বহা জন নে, পৰিচাৰক জন? ভোজনত বহা জন নহয় নে? কিন্তু মই পৰিচাৰকৰ নিচিনাকৈ তোমালোকৰ মাজত আছোঁ৷ কিন্তু তোমালোক মোৰ সকলো পৰীক্ষাৰ সময়ত, মোৰ লগত থকা লোক হৈছা৷ মোৰ পিতৃয়ে যেনেকৈ মোক ৰাজ্য দান কৰিলে, সেইদৰে তোমালোককো মই ৰাজ্য দান কৰিলোঁ, মোৰ মেজত যেন ভোজন-পান কৰিবা, এই কাৰণে ময়ো তোমালোকৰ বাবে ৰাজ্য নিয়োজন কৰি থৈছোঁ৷ তাতে তোমালোকে সিংহাসনত বহি ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা। চিমোন, চিমোন, চোৱা, ধান চলাৰদৰে চালিবলৈ, চয়তানে তোমালোকক তাৰ নিজৰ কৰি ল’ব খুজিলে; কিন্তু তোমাৰ বিশ্বাস যেন লোপ নাপায়, এই কাৰণে, মই তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিলোঁ; আৰু তুমি মন পালটোৱাৰ পাছত, তোমাৰ ভাইসকলকো বিশ্বাসত স্থিৰ হৈ থাকিবলৈ উদগাবা।” পাছত পিতৰে তেওঁক ক’লে, “হে প্ৰভু, আপোনাৰ সৈতে বন্দীশাল আৰু মৰণলৈকো যাবৰ বাবে মই যুগুত হৈ আছোঁ।” তেতিয়া যীচুৱে ক’লে, “হে পিতৰ, মই তোমাক কওঁ, তুমি যে মোক জানা, ইয়াকে তিনি বাৰ অস্বীকাৰ নকৰালৈকে, আজি কুকুৰাই ডাক নিদিব।” পাছত যীচুৱে তেওঁলোকক ক’লে, “মই যেতিয়া বিনা ধন, পাদুকা, মোনা আৰু জোলোঙাৰে, তোমালোকক পঠিয়াইছিলো, তেতিয়া তোমালোকৰ কোনো বস্তুৰ অভাৱ হৈছিল নে?” তেওঁলোকে ক’লে, “কোনো অভাৱ হোৱা নাছিল।” তেতিয়া তেওঁ তেওঁলোকক ক’লে, “কিন্তু এতিয়া যাৰ ধনৰ মোনা আছে, তেওঁ তাক লওঁক; সেইদৰে জোলোঙাও লওঁক; আৰু যাৰ তৰোৱাল নাই, তেওঁ নিজৰ চোলা বেচি এখন তৰোৱাল কিনক। কিয়নো মই তোমালোকক কওঁ, এই যি বচন লিখা আছে, সেয়ে মোত সিদ্ধ হ’ব লাগে; ‘তেওঁ বিধানহীন সকলৰ লগত গণ্য হ’ল৷’ কিয়নো মোৰেই সম্বন্ধীয় কথা সিদ্ধ হৈ আহিছে।” তেতিয়া তেওঁলোকে ক’লে, “হে প্ৰভু, চাওক! ইয়াত দুখন তৰোৱাল আছে।” তেওঁ তেওঁলোকক ক’লে, “সেয়ে যথেষ্ট।”
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
Creative Commons License Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
অধিক পঢ়ক...